‘প্ৰতিমাঞ্জলি’
কোচ ৰাজবংশী লোকগীত
কন্ঠশিল্পী – কল্পনা পাটোৱাৰী
কোচ ৰাজবংশী জাতিটো হ’ল ঐতিহ্যশালী অলেখ বীৰত্বগাঁথাৰে বিজড়িত এটা জাতি । এই জাতিৰ অতীত ইতিহাস গাঁথা স্বৰ্ণাক্ষৰত লিপিবদ্ধ । কিন্তু সংস্কৃতৰ এটা প্ৰবচন এই জাতিটোৰ ক্ষেত্ৰত বৰ্তমানে হাড়ে হাড়ে খাটে । অৰ্থাৎ ‘কালস্য কুটিলা গতি’–এই বচনৰ বাস্তৱ ৰূপ হ’ল এই জাতিটোৰ বৰ্তমান অৱস্থান,
পৰিস্থিতি আৰু পৰিণতি ।
এই জাতিটোৰ এটা নিজস্ব স্বকীয় ভাষা আছে,সাহিত্য আছে আৰু আছে প্ৰাচুৰ্যময় লোক সংস্কৃতি ।কিন্তু এয়া অতি দুৰ্ভাগ্যজনক কথা যে এতিয়া জাতিটোৱে সততে প্ৰমাণ কৰিবলগীয়া হৈছে,কব লগা হৈছে তথা লিখা-লিখি কৰিব লগা হৈছে যে কোচ ৰাজবংশী জাতিৰ ভাষাৰ নাম হ’ল মূলতঃ কোচ ৰাজবংশী ভাষা ।
কিছু পক্ষই এই জাতিৰ মাতৃগৰ্ভজাত ভাষাটোক ‘গোৱালপাৰীয়া’ নামকৰণেৰেও আখ্যায়িত কৰিবলৈ অপপ্ৰয়াস কৰে । এটা ভাষা থাকিব লাগিলে এটা জাতি থাকিব লাগিব । এতিয়া প্ৰশ্ন হ’ল গোৱালপাৰীয়া ভাষাৰ জাতিটোনো কি ?”
আচলতে ‘গোৱালপাৰীয়া’ নামকৰণ একেবাৰেই আধুনিক । কাৰণ বৰ্তমানৰ অবিভক্ত গোৱালপাৰা জিলা পূৰ্বতে প্ৰাচীন প্ৰাগজ্যোতিষপুৰ,কামৰূপ পৰৱৰ্তী কোচ-কামতা ৰাজ্যৰ অন্তৰ্গত আছিল । অবিভক্ত গোৱালপাৰা জিলাখনো পিছলৈ গোৱালপাৰা, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, হাটশিঙিমাৰী আদি কেইবাখনো জিলাত বিভক্ত হৈ পৰিল । এতিয়া ধুবুৰী জিলাত সুদূৰ অতীতৰ পৰা প্ৰচলিত ভাষাৰ নাম ‘ধুবুৰীয়া’ বুলি উল্লেখ হ’ব জানো ?
আমি ইতিহাস অধ্যয়ন কৰিলে জানিব পাৰোঁ যে সপ্তম শতিকাত কামৰূপৰ কোচ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ তাম্ৰ লিপিয়ে ৰাজবংশী ভাষাৰ ব্যৱহাৰকে সূচায় । ১৫১৫ চনত কোচ ৰজা নৰনাৰায়ণে আহোম স্বৰ্গদেউ চুকলেংমুঙলৈ লিখা ঐতিহাসিক পত্ৰখন ৰাজবংশী ভাষা ব্যৱহাৰৰ প্ৰোজ্জ্বল উদাহৰণ । যাক লৈ অসমীয়া আৰু বাংলা পণ্ডিতসমাজৰ মাজত টনা-আজোৰাও দেখা যায় যে সেয়া বোলে অসমীয়া/বাংলা গদ্য সাহিত্যৰ প্ৰথম নিদৰ্শন । ১৯০৩ চনত ভাষাবিদ ড০ জৰ্জ আব্ৰাহাম গ্ৰীয়াৰৰ্ছন চাহাবে ‘Liguistic Survey of India’ Vol-V,Part-1ত ‘ৰাজবংশী’ নামেৰেই এই ভাষাটোক আখ্যায়িত কৰিছে । ১৯৪১ চনত ড০ বাণীকান্ত কাকতিৰ ‘Assameae its Formation and Development’ গ্রন্থত পশ্চিম অসমত প্ৰচলিত এই ভাষাটোক ‘ৰাজবংশী’ বুলিহে উল্লেখ কৰিছে । ১৯৬৫ চনত ড০ চাৰু চন্দ্ৰ সান্যালে ‘Asiatic Society Journal’ত ৰাজবংশী ভাষাৰ কথা ব্যক্ত কৰিছে । ২০১০ চনত ভাৰতৰ সাহিত্য একাডেমী নামৰ বৌদ্ধিক সংস্থাটোৱে ৰাজবংশী ভাষাক স্বীকৃতি প্ৰদান কৰি উত্তৰ বঙ্গৰ(ঐতিহাসিক কামতাপুৰ যি পিছলৈ বিখণ্ডিত) বিশিষ্ট সাহিত্যিক ড০ গিৰিজা শঙ্কৰ ৰায়ক কোচ ৰাজবংশী ভাষা সন্মান বঁটা প্ৰদানেৰে সন্মানিতও কৰিছে । ২০১১ চনত Central Institute of Indian Languages-এ ৰাজবংশী ভাষাক স্বীকৃতি দিছে । আকৌ ২০১২ চনত Peoples Linguistic Survey of Indiaই ৰাজবংশী ভাষাক স্বীকৃতি প্ৰদান কৰিছে । পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বাইদেউয়েও ১৯৯৩ চনত ‘আজিৰ অসম’ বাতৰি কাকতৰ ৩ এপ্ৰিল সংখ্যাটোত এইদৰে উল্লেখ কৰিছে যে,”The prevailing culture in Goalpara is not the culture of my family,it is the culture of the entire Koch Rajbongshi Community.”
আমি শুনামতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কথামতেহে প্ৰতিমা বৰুৱা পাণ্ডে বাইদেউৱে কোচ ৰাজবংশী ভাষাৰ গানবোৰক এসময়ত অনাতাঁৰ কেন্দ্রৰ যোগেদি পৰিৱেশনৰ কাৰণে ‘গোৱালপাৰীয়া লোকগীত’ বুলি গাইছিল । পিছলৈ অসমৰ কিছুমান বুদ্ধিজীৱী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে ভুৱা প্ৰচাৰ চলাই ‘গোৱালপাৰীয়া লোকগীত’ বুলি প্ৰচাৰ কৰিবলৈ ধৰিলে আৰু এই কৃত্ৰিম নামকৰণ সাধাৰণ জনমানসত ব্যাপকভাৱে শিপাই গ’ল । কিন্তু সত্য সদায়েই অজৰ-অমৰ । এতিয়া ক্ৰমশঃ কোচ ৰাজবংশী কালচাৰেল ছ’চাইটিৰ অহৰহ অদমনীয় প্ৰচেষ্টাত এই গানবোৰ ‘কোচ ৰাজবংশী’ গান বুলি আপামৰ জনসাধাৰণৰ মননত প্ৰোথিত ও প্ৰতিষ্ঠিত প্ৰায় আৰু আজি আমাৰ বাবে অতিশয় আনন্দ আৰু সুখৰ বতৰা যে আন্তৰ্জাতিক খ্যাতিসম্পন্ন ভাৰতৰ স্বনামধন্য গায়িকা কল্পনা পাটোৱাৰী বাইদেউয়ে আজি বিলাসীপাৰা জিলা কোচ ৰাজবংশী কালচাৰেল ছ’চাইটিৰ সৌজন্যত বিলাসীপাৰাৰেই প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত প্ৰতিমা বাইদেউয়ে গোৱা বিভিন্ন সুধাবিশিষ্ট বাৰটা জনপ্ৰিয় ৰাজবংশী গীত স্ব কণ্ঠত অৰ্থাৎ কল্পনা বাইদেউৰ সুৰীয়া কণ্ঠৰে নিৰ্মিত ‘প্ৰতিমাঞ্জলি’ নামৰ কোচ ৰাজবংশী ভাষাৰ এখনি নৱ সৌৰভৰ গানৰ এলবাম উন্মোচনৰ শুভক্ষণলৈ আগবাঢ়িছে । আমি আশা ৰাখিছোঁ কল্পনা বাইদেউৰ গীতৰ সুমধুৰ এলবাম সুৰ ও সঙ্গীতপ্ৰেমী শ্ৰোতা জনগণে আদৰি লোৱাৰ দৰে এই মিউজিক এলবামখনিকো সংগীত অনুৰাগী ৰাইজে নিসন্দেহে মৰম দিব ।
শেহত আমাৰ সকলোৰে শ্ৰদ্ধাৰ তথা অতি আদৰৰ কল্পনা বাইদেউ আৰু তেখেতৰ সমূহ ‘টিম’টোলৈ আগন্তুক নতুন বছৰটিৰ হৃদয়ভৰা শুভেচ্ছাৰ লগতে আমাৰ হাৰ্দিক অভিনন্দন অন্তৰৰ পৰা যাচিলোঁ ।
ডেভিদ ৰায়
সাংস্কৃতিক সম্পাদক
কোচ ৰাজবংশী কালচাৰেল ছ’ছাইটি
DCP (Dwijendra Chalachitra Pratisthan) Presents
This historical music video produced & directed by Indrajit Narayan Dev, the 16th generation of the Koch Dynasty, penned by Ibson Lal Barua & composed & sung by Joi Barua, projects the dilapidated present condition of the historical remnants & depiction of the rise of the Koch Dynasty in central Asia comprising the eastern parts of Nepal, today’s Jharkand, Assam, Bangladesh & Tripura. The 16th century was the golden age of Kamatapur Era with Biswa Singha declaring himself as the founder of the Koch Dynasty. He rose to power & shifted his old capital from Chikanjhar on the borders of Bhutan to the west of the Sonkoch river & named it Koch Behar…..land of the Koches. Amongst his subsequent heirs, King Naranarayan, Yuvraaj Sukladwaj alias Chilarai (Commander in Chief) & Gohan Kamal Singha with the Koch army, extended territories by continuous warfare & road construction as far east as to the Ahom kingdom & Tripura. Due to the wrath of the Ahoms, the great Vaishnava saint Sankaradeva fled the Ahom territories but was given asylum by King Naranarayan in Madhupur ( 20 kms from today’s Koch Behar). Here, Sri Sri Sankaradeva preached the doctrines of Vaishnava religion & cult of Lord Krishna & promoted Assamese language, art, music & culture. The other important aspect of this music video is a reminder to be heard of the Koch Rajbonshi community for recognition & status & revival of the historical remains of the Koch Dynasty. AUDIO CREDITS Song- Na Jujor Ronuwa (The Rebirth of the Koches) Composer & Singer- Joi Barua Lyricist- Ibson Lal Baruah Mix & Mastering- Abani Tanti (Mumbai) VIDEO CREDITS Producer & Director- Indrajit Narayan Dev Choreography- Koch David Yor Videography- Amiya Ranjan Das, Raj Ahmed Editor & DI Colorist- Ashim Sarmah Creative VFX- Dhruba Rabha Drone Operator- Hemraj Bora, Nilutpol Dolakakharia Make Up- Ratul Barman Production Controllers- Durbasha Ray, Dipunja Ray Spot Boys- Sana Kalita Post Production- Xtreme DI Workstation Research & Compilation- Koch Arupjyoti Das, Budheswar Ray